তিৱা ভাষাত নিৰ্মান হব অসমীয়া ছবি

195

তিৱা ভাষাত নিৰ্মান হব অসমীয়া ছবি ।অসমত প্ৰথম বাৰৰ বাবে নিৰ্মান হব তিৱা ভাষাত ছবি । মধ্য অসমৰ এক জীয়া কাহিনী , মৰিগাঁওৰ এক ইতিহাস , কইনা কন্দা শিল । যত লিপিবদ্ধ হৈ আছে বঘৰাৰ ৰজা ৰাণীৰ প্ৰেম কাহিনী । এক প্ৰাকৃতিক দুৰ্যোগত সেই নিশা কইনা কন্দাত পাহাৰৰ শিলৰ চেপত পৰি মৃত্যু হৈছিল ৰজা ৰাণীৰ । আৰু নিশা হলেই সেই পাহাৰৰ পৰা নিগৰি আহে ৰাণীৰ ক্ৰন্দনৰ শব্দ । সেই কাহিনীকে মূল বিষয় বস্তু হিচাপেলৈ মৰিগাঁও ত নিৰ্মান হৈছে প্ৰথম খন তিৱা ভাষাত নিৰ্মিত ছবি ‘কইনা কন্দা শিল’ । পৰিচালনা ৰমেন বৰা , প্ৰযোজনা মাইনু দেৱীৰ। অভিনয়ত আছে প্ৰাঞ্জল শইকীয়া , বিমল বৰদলৈ , ট্ৰন্দালি মূৰ্ছনা , গগনা ডেকা , মিহিৰাম বৰদলৈ , হেমা ইংতি , মৃদুলা দত্ত বৰদলৈ , ৰিংকুমণি ৰাই চৌধুৰী মেধি । শিশু শিল্পী চিত্ৰনি কাশ্যপ , ৰাজ লক্ষ্মী বৰদলৈ ।