তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে মৰিগাঁৱত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

98

প্ৰায় ৭ হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভতো তেওঁ কয়।মুখ্যমন্ত্ৰীয়ে কয় যে , যোৱা ৭৫ বছৰত অসমত এনে কোনো প্ৰকল্প বা উন্নয়নমূলক কাম সম্পন্ন হোৱা নাছিল। তেওঁ অসমবাসীৰ সেৱাত গৌৰৱ আৰু সুখী বুলি উল্লেখ কৰি তেওঁলোকৰ মৰম আৰু সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে জিলাখনত আছে মুখ্যমন্ত্ৰী – কপিলী নদীৰ ওপৰেৰে ৭৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া মৰিগাঁও-জাগীৰোড সংযোগী পকী দলং, নিৰ্মাণৰ নামত ১০০ কোটি টকা আবণ্টন দিয়া হৈছে পি ডব্লিউ ডিৰ অধীনত পথ আৰু জলসম্পদ বিভাগৰ নামত ৬৩ কোটি টকা আবণ্টন দিয়া হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই জিলাখনৰ আই টি আই আৰু পলিটেকনিক মহাবিদ্যালয়সমূহ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে লগতে মৰিগাঁও জিলা নৱ নিৰ্মিত বি জে পি কাৰ্য্যলয় শুভাৰম্ভ কৰে
প্ৰায় এক হাজাৰ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস আৰু উদ্বোধন কৰা প্ৰকল্প সমূহ হৈছেঃ-
✅মৰিগাঁৱত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ ।
✅জাগীৰোড আঞ্চলিক ক্রীড়া সস্থাৰ ষ্টেডিয়ামত মিনি ক্রীড়া প্ৰকল্পৰ নিৰ্মাণ।
✅মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মানিপুৰ আঞ্চলিক ক্রীড়া সন্থাৰ খেলপথাৰত মিনি ষ্টেডিয়াম নির্মাণ।
✅মৰিগাওঁ চৰকাৰী পলিটেকনিকক এক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ ।
✅মৰিগাওঁৰ চৰকাৰী ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানক এক উৎকর্ষতাৰ কেন্দ্রলৈ উন্নীতকৰণ।
✅মৰিগাঁও জিলাৰ বসুন্ধৰী পাহাৰৰ পৰা কিলিঙ-কপিলী সংযোগস্থলীলৈ মথাউৰিৰ ওপৰেৰে পথ নির্মাণ।
✅ব্ৰহ্মপুত্ৰ নৈৰ মথাউৰিৰ ওপৰেৰে ধিঙৰ পৰা হিলৈখুন্দালৈ পথ নির্মাণ।
✅শ’লমাৰীৰ পৰা ওজাগাঁৱলৈ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ।
✅জাগীৰোড-মৰিগাঁও পথৰ ভকতগাঁৱত কপিলী নদীৰ ওপৰত আৰচিচি দলঙ নিৰ্মাণ।
✅ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মায়ঙ ৰাজহ চক্ৰৰ অন্তৰ্গত মূৰকাটাত গ্রহনীয়া প্ৰতিৰোধী ব্যৱস্থা।
✅পাভকাটি / গৰুবন্ধা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী ব্যবস্থা।
✅মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ লগতে মথাউৰি নিৰ্মাণ।