তিনিচুকীয়াৰ তালাপ চাহ বাগিচাত ৰোলাৰ মেচিনত সোমাই গুৰুতৰভাৱে আহত শ্ৰমিক

158

মইনা নায়কৰ সৈতে সংঘটিত ঘটনাৰ পুনৰাবৃত্তি ঘটিল তিনিচুকীয়াৰ তালাপ চাহ বাগিচাত। সোমবাৰে বাগিচাখনৰ এজন শ্ৰমিক ভুলবশতঃ ৰোলাত মেচিনত সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

খবৰ অনুসৰি, বিনোদ মিনজো নামৰ শ্ৰমিকজনে ভুলবশতঃ কাৰখানাটোৰ ভিতৰত থকা এটা ৰোলাৰ মেচিনৰ ভিতৰলৈ সোমাই যায়।

শ্ৰমিকজনৰ মূৰকে ধৰি শৰীৰৰ কেইবাটাও অংশত আঘাতপ্ৰাপ্ত হৈছে।

ইফালে, চাহ বাগিচা কৰ্তৃপক্ষই এই দুৰ্ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ লেপেটকটা চাহ কাৰখানাত কৰ্মৰত অৱস্থাত একেধৰণৰ ঘটনাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল।

চাহ বাগিচাৰ ড্ৰাইয়াৰ মেচিনত ভুলবশতঃ প্ৰৱেশ কৰি গুৰুতৰভাৱে আহত হৈছিল মইনা নায়ক (২৪) নামৰ মহিলা শ্ৰমিক গৰাকী।