তিনিচুকীয়াৰ পেঙেৰীত উদ্ধাৰ হোৱা মৰ্টাৰ নিষ্ক্ৰিয়। অৱশেষত বোমা বিশেষজ্ঞই নিষ্ক্ৰিয় কৰে 81 MM মৰ্টাৰটো। মঙলবাৰে তৰাণী গাঁৱৰ দলঙৰ সমীপত উদ্ধাৰ হৈছিল মৰ্টাৰটো। মৰ্টাৰ উদ্ধাৰৰ পাছতে অঞ্চলটোত সেনাই গঢ়ি তুলিছিল কটকটীয়া নিৰাপত্তা। উদ্ধাৰ হোৱা 81 MM মৰ্টাৰ আমেৰিকাত নিৰ্মিত।
