তিনিচুকীয়াত বিস্ফোৰণৰ পাছতে জালত আলফা(স্বাঃ)ৰ কেডাৰ। তিনিচুকীয়া আৰক্ষীৰ জালত অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম। আলফা(স্বাঃ)ৰ বিশেষ অভিযানকাৰী গোটৰ সদস্য নিলয় অসম। তিনিচুকীয়াত বিস্ফোৰণৰ পৰিকল্পনাৰে আহিছিল নিলয়। ২০২২ত পত্নীসহ আলফা(স্বাঃ)লৈ গৈছিল নিলয় অসম। সম্প্ৰতি আলফা(স্বাঃ)তেই আছে নিলয় অসমৰ পত্নী।
