তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমত ভয়ংকৰ দুৰ্ঘটনা

144

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমপথাৰ স্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত বাছ আৰু মিনি ট্ৰাকৰ মুখামুখী সংঘৰ্ষ ।

AS 06 BC 2142 নম্বৰৰ প্ৰিশা নামৰ বাছখন ডিব্ৰুগড়ৰ পৰা জাগুনলৈ গৈ আছিল ।

অন্যহাতেAS23 AC 6766 নম্বৰৰ মিনি ট্ৰাকখন পাৱৈ অভিমুখে গৈ আছিল ।

দুয়োখনৰ মাজত মুখামুখী সংঘৰ্ষ হয় ।

ফলত বাছখনৰ প্ৰায় ৪০ গৰাকী যাত্ৰী আঘাটপ্ৰাপ্ত হয় ।

এইসকলৰ ভিতৰত কেইবাগৰাকীও আঘাট গুৰুতৰ বুলি জনা গৈছে ।

ট্ৰাকখনৰ ড্ৰাইভাৰ – হেণ্ডিমেনো আঘাটপ্ৰাপ্ত ।

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে নিয়া হয় আটাইকে ।

বাছ চালকৰ গাফিলতিত দুৰ্ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ ।

দুখন বাছৰ অভাৰ টেকৰ বাবেই এই ঘটনা ।