ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য সমগ্ৰ দেশতে ২৫ টকা বৃদ্ধি হৈছে। বৃদ্ধিৰ পিছত দিল্লীত এতিয়া 14.2 কিলোগ্ৰাম ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য 884.50 টকা হ’ব। দেশৰ সকলো ঠাইতে এলপিজি চিলিণ্ডাৰৰ মূল্য সমান পৰিমাণে বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে, সমগ্ৰ দেশত বিগত তিনি মাহত তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য। আগতে, জুলাই আৰু আগষ্ট দুয়োমাহত মূল্য 25 টকা বৃদ্ধি কৰা হৈছিল। এনেদৰে, তিনি মাহত ৰন্ধন গেছৰ মূল্য 75 টকা বৃদ্ধি কৰা হৈছে।
ৰন্ধন গেছৰ দাম বৃদ্ধি নাগৰিকসকলৰ বাবে, বিশেষকৈ সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। চৰকাৰে এলপিজি ৰাজসাহায্য নাইকিয়া কৰাৰ পিছত যোৱা বছৰ মে’ মাহৰ পৰা এলপিজিৰ প্ৰতি সমৰ্থন হ্ৰাস কৰি আহিছে। যাৰ দ্বাৰা দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল প্ৰভাৱিত হৈছে।
বিভিন্ন সূত্ৰঅনুসৰি, বহুতো ৰাজ্যত এলপিজিৰ বিক্ৰী হ্ৰাস পাইছে। মূল্যৰ উচ্চ বৃদ্ধিৰ ফলত ৰন্ধন গেছৰ চাহিদা আৰু হ্ৰাস হ’ব পাৰে।
দৰিদ্ৰ পৰিয়ালবোৰৰ বাবে ৰাজসাহায্য অবিহনে এলপিজি চিলিণ্ডাৰ বহন কৰাটোও প্ৰায় অসম্ভৱ হৈ পৰিছে। ধন ৰাহি কৰাৰ প্ৰচেষ্টাত, বহুতে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।
আন বহুতে সস্তীয়া বিকল্প যেনে বৈদ্যুতিক ৰন্ধন বা বাণিজ্যিকীকৃত গেছ পাইপলাইনৰ ব্যৱহাৰৰ বিকল্প গ্ৰহণ কৰাৰো সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে, এই বৃদ্ধিৰ দ্বাৰা আটাইতকৈ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকসকল হ’ব গ্ৰাম্য অঞ্চলত বাস কৰা লোকসকল।
