তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিছিল ৪টাকৈ বন্যহস্তী। পুখুৰীটোত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল ৪ টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ পৰিত্যক্ত পুখুৰীত বিয়লিৰ পৰা গভীৰ নিশা পর্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ পৰে বন্যহস্তীকেইটা। তাৰ ভিতৰত এটি পোৱালী হাতীও আছিল।ৰাজ্যৰ চৌদিশে এতিয়া হাতী-মানুহৰ সংঘাত। কৰবাত যদি হাতত দা-লাঠি লৈ ৰাইজে মাজনিশা হাতী খেদিছে, কৰবাত আকৌ হাতীয়ে মানুহ মাৰিছে। বন্যহস্তীয়ে তহিলং কৰিছে বহুতৰে ঘৰ-বাৰী, খেতিপথাৰ। যাৰ বাবে বহু ঠাইত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে। তিতাবৰত দেখা গৈছে এক বিপৰীত দৃশ্য। য’ত ৰাইজে ৰক্ষা কৰিলে ৪টাকৈ বন্যহস্তীৰ প্ৰাণ। গভীৰ নিশা এইদৰে বিপদগ্ৰস্ত হাতীকেইটা উদ্ধাৰ কৰি স্বস্তিৰ নিশ্বাস পেলাই অঞ্চলবাসীয়ে। লগতে যথাসময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ উপৰিও হাতী উদ্ধাৰ কৰিবৰ বাবে এখন এক্সকেভেটৰৰ ব্যৱস্থা কৰা বুলি ঘোষণা কৰাৰ পিছতো নিশা পৰ্যন্ত উক্ত এক্সকেভেটৰখন ঘটনাস্থলীলৈ আনি নিদিয়াত স্থানীয় ৰাইজৰ মাজত ব্যাপক মাত্ৰাত ক্ষোভৰ সৃষ্টি হয়।
Latest article
ইয়ন ৰিয়েলিটি আৰু এনএছডিচিৰ ভাৰতৰ দক্ষতা পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰিবলৈ সহযোগিতা
ভাৰতৰ দক্ষতা বিকাশৰ পৰিৱেশক ন ৰূপত সংজ্ঞায়িত কৰিবলৈ লোৱা এক যুগান্তকাৰী পদক্ষেপত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমে এআই-চালিত নিমজ্জিত শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ইয়ন ৰিয়েলিটিৰ সৈতে...
আনষ্টপৰ সৈতে অংশীদাৰিত্বৰে নিয়োগযোগ্যতা আৰু দক্ষতাভিত্তিক নিয়োগত বৈপ্লৱিক পৰিৱৰ্তন আনিছে এনএছডিচিয়ে
ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত দক্ষতাৰ ব্যৱধান দূৰ কৰিবলৈ আৰু নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)-এ বিভিন্ন সম্প্ৰদায়ৰ সংযোগ আৰু নিযুক্তি...
পেমেণ্ট আন্তঃগাঁথনি আৰু দক্ষতা বিকাশ সমাধান উন্নত কৰিবলৈ জুস্পেৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ এনএছডিচিৰ
সমগ্ৰ ভাৰততে পেমেণ্ট আন্তঃগাঁথনি আৰু দক্ষতা বিকাশ পদক্ষেপসমূহৰ সমাধানৰ বাবে পেমেণ্টৰ আন্তঃগাঁথনি আৰু সমাধানৰ বাবে আগশাৰীৰ পেমেণ্ট প্ৰযুক্তি প্ৰদানকাৰী জুস্পে টেকন’লজিৰ সৈতে ৰাষ্ট্ৰীয় দক্ষতা...