তালিবানৰ প্ৰশংসা কৰিবলৈ গৈ বিপদত পৰিল পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদি

122

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদিয়ে তালিবানৰ প্ৰশংসাত মন্তব্য কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আফ্ৰিদীয়ে তালিবানক প্ৰশংসা কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত আফ্ৰিদীয়ে কয়, “তালিবানসকলে এক ডাঙৰ ইতিবাচক মন লৈ শাসনলৈ আহিছে। আমি এনে যোগাত্মক দিশ আগতে দেখা নাছিলো… মাছাল্লাহ… ইয়ে এক নতুন যুগৰ উন্মেষ ঘটাব।”

আফ্ৰিদীয়ে লগতে কৈছিল, ‘তালিবানে মহিলাসকলক কাম কৰিবলৈ অনুমতি দিছে, ৰাজনীতিলৈ যাবলৈ অনুমতি দিছে… আৰু মই ভাবো তালিবানে ক্ৰিকেট ভাল পায়।” উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত হোৱা আত্মঘাতি বোমা বিস্ফোৰণত ১৩ জন আমেৰিকান সৈনিকসহ প্ৰায় ১৭০ জন লোক নিহত হোৱাৰ পিছতে আফ্ৰিদিৰ এই মন্তব্য পোহৰলৈ আহিছে। যাৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হবলগা হৈছে ক্ৰিকেটাৰগৰাকী।

আফ্ৰিদিৰ এনে মন্তব্যক লৈ ভাৰত আৰু পাকিস্তানৰ চচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিৰোধ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। এজন ব্যৱহাৰকাৰীয়ে আনকি আফ্ৰিদিক তালিবানৰ প্ৰধানমন্ত্ৰী হ’বলৈও পৰামৰ্শ দি সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে।