তামিলনাডুৰ কুনুৰৰ ওচৰত ভূপতিত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ। ভাৰতীয় বায়ু সেনাৰ (আইএএফ) এমআই-১৭ভি৫ হেলিকপ্টাৰখনৰ ভিতৰত আছিল CDS বিপিন ৰাৱট আৰু তেওঁৰ পত্নীও।
সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, CDS বিপিন ৰাৱাট, তেওঁৰ পত্নী, প্ৰতিৰক্ষা সহায়ক, নিৰাপত্তা কমাণ্ডো আৰু আইএএফ পাইলটকে ধৰি মুঠ ১৪ জন লোক হেলিকপ্টাৰত আছিল।
স্থানীয় সামৰিক বিষয়াসকল সেই স্থানত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। স্থানীয় লোকে ভূ-পতিত হেলিকপ্টাৰত ভিতৰৰ পৰা ইতিমধ্যে দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিছে। বাতৰি অনুসৰি মৃতদেহ দুটাৰ ৮০ শতাংশই জ্বলি যোৱাত বৰ্তমান চিনাক্ত সম্ভৱ হোৱা নাই।
আনহাতে, পিটিআইৰ তথ্য অনুসৰি তামিলনাডুৰ আইএএফ হেলিকপ্টাৰ দুৰ্ঘটনাস্থলীৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তিনিজন আহত লোকক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে।
দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
