তামিলনাডু নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, ১৫ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন

71

তামিলনাডুৰ ৯ খন নৱগঠিত জিলাত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ ৰাজ্যখনৰ নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দুবছৰে ধৰি অনুষ্ঠিত নোহোৱা নিৰ্বাচনক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ১৫ ছেপ্তেম্বৰৰ ভিতৰত নিৰ্বাচন আয়োগক নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ন্যায়াধীশ অনুৰূদ্ধ বসুৰ বিচাৰপীঠে গ্ৰহণ কৰা শুনানিকালত নিৰ্বাচন আয়োগক কঠোৰ সমালোচনা কৰি কয় যে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰিত সময়ত ভিতৰত ভোটগ্ৰহণ সম্পন্ন নকৰিলে আয়োগৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ চলোৱা হব।

ইফালে কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হোৱা নাই বুলি নিৰ্বাচন আয়োগৰ তৰফৰ কৰা কৰা মন্তব্যত উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোভিড এটা ভাল অজুহাতহে হৈ পৰিছে। কিন্তু ১৫ ছেপ্তেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।