তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা।
২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ।
আজি পুৱা ৫ বজাৰ পৰা বন্ধ সকলো দোকান-পোহাৰ।
আৰক্ষী-ধুবুৰী প্ৰশাসনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ বন্ধ কৰিলে দোকান-পোহাৰ।
এইপৰ্যন্ত মৃতকৰ পৰিয়ালে চমজি লোৱা নাই যুৱকৰ মৃতদেহ।
সমগ্ৰ অঞ্চলটোত আৰক্ষীৰ টহল।
শুকুৰবাৰে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছিল এজন বাইক আৰোহীৰ।