ঢেকীয়াজুলিৰ নিকটৱৰ্তী মাজৰৌমাৰী কৃত্ৰিম গো-প্ৰজনন উপকেন্দ্ৰৰ পঁয়ালগা অৱস্থা।ঢেকীয়াজুলিৰ নিকটৱৰ্তী অঞ্চল মাজৰৌমাৰী কৃত্ৰিম গো-প্ৰজনন উপকেন্দ্ৰৰ পঁয়ালগা অৱস্থা। জহি-খহি গৈছে উপকেন্দ্ৰটোৰ দুৱাৰ-খিৰিকী আৰু দেৱাল। নাই কোনো পশু চিকিৎসক। কৃত্ৰিম গো-প্ৰজনন উপকেন্দ্ৰৰ পঁয়ালগা অৱস্থাই সমস্যাত পেলাইছে মাজৰৌমাৰীৰ গো পালক সকলক। অসম গণ পৰিষদৰ চৰকাৰৰ সময়ৰে পৰাই বৰ্তমানৰ চৰকাৰলৈ কাৰোৰেই দৃষ্টিগোচৰ নহ’ল এই কৃত্ৰিম গো-প্ৰজনন উপকেন্দ্ৰটো। ৰাইজে বহুবাৰ প্ৰত্যেকখন চৰকাৰকেই এই বিষয়ে অৱগত কৰি আহিছে যদিও ৰাইজৰ আৱেদনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে প্ৰত্যেকখন চৰকাৰে। স্বাস্থ্য বিভাগৰ উন্নয়ন হোৱা বুলি দাবী জনোৱা বি.জে.পি. চৰকাৰলৈ ৰাইজৰ আহ্বান, যাতে অতি শীঘ্ৰেই এই কৃত্ৰিম গো-প্ৰজনন উপকেন্দ্ৰটৌ পুনৰ নিৰ্মাণ কৰি পৰ্য্যাপ্ত সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই সমস্যাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে স্হানীয় ৰাইজ তথা সচেতন মহলে।
