ঢেকিয়াজুলিৰ ঘগৰাত দুটাকৈ বাসগৃহত ভয়ানক অগ্নিকাণ্ড

132

ঢেকিয়াজুলিৰ ঘগৰাত দুটাকৈ বাসগৃহত ভয়ানক অগ্নিকাণ্ড।নষ্ট হল লক্ষাধিক টকাৰ সম্পত্তি। ঢেকিয়াজুলি নিকটৱৰ্ত্তী ঘগৰাত দুটাকৈ বাসগৃহ আজি পূজাৰ ভাগত শ্বট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত বাসগৃহৰ ভিতৰত থকা ফ্ৰিৰ্জ,মিক্সি,কেইবাখনো বৈদ্যুতিক পাংখাকে ধৰি বহু সামগ্ৰী জুইত ভস্মীভূত হয়।শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।অগ্নিকাণ্ডৰ সন্দৰ্ভত স্থানীয় অগ্নি নিৰ্বাপক বাহিনীক ফোন যোগে খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপিত কৰে।অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হয়।