ঢকুৱাখনাত আবকাৰী বিভাগৰ বৃহৎ অভিযান

51

শাৰদীয় দুৰ্গোৎসৱৰ মাদকতাই সমগ্ৰ ঢকুৱাখনা উপজিলা আচ্ছন্ন কৰি ৰখাৰ সময়তে ঢকুৱাখনা আবকাৰী চক্ৰ তৎপৰ হৈ পৰিছে অবৈধ সুৰাৰ বিৰুদ্ধে । পূজাৰ বতৰত সমজিলাখনৰ সামাজিক পৰিবেশ যাতে বিঘ্নিত নহয় তাৰ বাবে ঢকুৱাখনা আবকাৰী চক্ৰই অহৰ্নিশে তৎপৰতা প্ৰদর্শন কৰি আহিছে ।ধাৰাবাহিক হাৰত অবৈধ সুৰা বিৰোধী অভিযান চলাই উৎখাত কৰি আহিছে বহু সংখ্যক চুলাই ভাটি ।অভিযান কালত বহু কেইটা চুলাই ভাটি উচ্ছেদ কৰি বহু পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ কৰে । দলটোৱে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া ,ভাটি ফুকন গাঁও , লাহিবাৰী আৰু জালভাৰী আদি গাঁৱত চলোৱা অভিযান কালত প্ৰায় ২১০ লিটাৰ চুলাই প্ৰস্তুত কৰা “পাজ” , প্ৰায় ২০লিটাৰ চুলাই , ৩টা চুলাই বনোৱা সা সঁজুলি উদ্ধাৰ কৰি থলিতে বিনষ্ট কৰে ।