গুৱাহাটীঃ ড্ৰিংক এণ্ড ড্ৰাইভৰ অভিযোগত শনিবাৰে দিছ্পুৰ আৰক্ষীয়ে আটক কৰা দুগৰাকী সুৰাসক্ত মহিলাই থানাত হুলস্থূলৰ পৰিবেশ সৃষ্টি কৰে। মাতাল মহিলা দুগৰাকীয়ে দিছ্পুৰ থানাত আৰক্ষী আৰু সংবাদ মাধ্যমৰ লোকক দুৰ্ব্যৱহাৰ কৰা বুলিও জানিব পৰা গৈছে।
জানিব পৰা মতে, নিশা এআৰ ০১ এন ১১০১ নম্বৰৰ এখন বাহন চলাই অহা সুৰাসক্ত দুই মহিলাক আৰক্ষীয়ে আটক কৰি দিছ্পুৰ থানালৈ লৈ আনে। কিন্তু থানাত মহিলা দুগৰাকীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
বৰ্তমান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত মহিলা দুগৰাকীক পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে।
