ড্ৰাগছৰ বিৰুদ্ধে সৰৱ মৈৰাবাৰী আৰক্ষী।

96

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ মৈৰাবাৰী আৰক্ষী।

সমগ্ৰ অসমজুৰি অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান।
মৈৰাবাৰীত দৌৰাই দৌৰাই ধৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক।

এক গোপন তথ্যৰ ভিত্তিত আজি সন্ধিয়া মৈৰাবাৰী আৰক্ষীৰ এটা দলে অভিযান চলায় বৰথল কছাৰী গাঁৱৰ পৰা কুখ্যাত উমৰ ফাৰুকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এক নতুন পন্থাৰে উমৰ ফাৰুকে পিন্ধি থকা টুপিৰ মাজত লুকুৱাই ৰাখি কৌশলেৰে বিক্ৰী কৰি আছিল ড্ৰাগছ আৰু নিচাযুক্ত কফ চিৰাপ।

বৰথল কছাৰী গাঁৱৰ বাসিন্দা উমৰ ফাৰুকৰ লগত পাঁচটা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ আৰু ফাৰুকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে ১৬ টা নিচাযুক্ত কফ চিৰাপ জব্দ কৰে।

আনহাতে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাবিৰ আলিয়ে অঞ্চলত চলি থকা অবৈধ কাৰ্য্যকলাপৰ লগত জড়িত থকা সকলক কঠোৰ সকীয়নী প্ৰদান কৰিছে।