ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বঁটা বিতৰণ

282

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ড্ৰাগছ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে নগাঁও আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাত স্থান লাভ কৰা সকলৰ মাজত মঙ্গলবাৰে বঁটা বিতৰণী অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়।

এই উপলক্ষে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, অভিনেতা ৰবি শৰ্মা, তথ্যচিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক পাৰ্থজিত বৰুৱা, নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দ’লেকে প্ৰমুখ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপৰিও বহু সংখ্যক নগাঁও আৰক্ষীৰ লোক৷

উল্লেখ্য যে এই প্ৰতিযোগিতাত তিনিখনকৈ চুটি ছবিয়ে শ্ৰেষ্ঠ ছবিৰ সন্মান বুটলাৰ লগতে চাৰিখন চুটি ছবিয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে পৰিচালক জেমীৰ দ্বাৰা নিৰ্মিত ”ফ্লেছবেক”, দ্বিতীয় স্থান লাভ কৰে পৰিচালক জ্যোতি গগনৰ ”আনটাইটেল” আৰু তৃতীয় স্থান লাভ কৰে পৰিচালক হিৰক জ্যোতি নাথৰ ”ড্ৰাগছ কিল দ্যা নিউ জেনেৰেশ্যন” নাম চুটি ছবি কেইখনে।

ইয়াৰ উপৰিও জুৰিৰ বিশেষ বঁটা লাভ কৰে গৌৰাংগ বৰাৰ “চ’ইছ”, সাংবাদিক বিশ্বজিৎ দাসৰ “আনটাইটেল“ আৰু উৎপল কলিতাৰ “অনৰ্ভ্ৰ’’ আদি নাম চুটি ছবি কেইখনে।