এক ড্ৰাগছ বিৰোধী অভিযানত ডাঙৰ সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে । জানিব পৰা মতে, যোৱা নিশা চলোৱা এক অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এখন বাহন সহ এটা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ।সূত্ৰৰ তথ্য ভিত্তিত কাছাৰ আৰক্ষীয়ে ৩ নৱেম্বৰৰ নিশা লাইলাপুৰ অঞ্চলত ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল । অভিযান কালত ৩৭৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ২০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে, ৩০ টা চাবোনৰ বাকচত হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ।এই সফলতাৰ বাবে কাছাৰ আৰক্ষীক প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।