ড্ৰাগছৰ বাবে নিজৰ সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী আমিনুল ইছলামৰ

78

মৰিগাঁওঃ যুৱ প্ৰজন্মক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিয়া ড্ৰাগছে গ্ৰাস কৰিছে সমগ্ৰ ৰাজ্য। শেহতীয়াকৈ ড্ৰাগছৰ ব্যৱসায় আৰু সেৱনৰ বাবে মৰিগাঁও জিলাত এজন পাষাণ পিতৃয়ে নিজৰ সন্তানকে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰবাৰীৰ আমিনুল ইছলামৰ সৈতে মতানৈক্যৰ বাবে সন্তানৰ সৈতে পিতৃ গৃহত থাকে তেওঁ পত্নী। কিন্তু ড্ৰাগছত আসক্ত আমিনুল ইছলামে ড্ৰাগছ সেৱন কৰিবলৈ পইছা নোহোৱাত আধাৰ কাৰ্ড বনোৱাৰ অচিলা লৈ নিজৰ আঢ়ৈ বছৰীয়া সন্তানটো পত্নীৰ ওচৰৰ পৰা লৈ আহে আৰু গৰৈমাৰীৰ এগৰাকী মহিলাৰ ওচৰত ৪০ হাজাৰ টকাত বিক্ৰী কৰে।

ইফালে বহু দিন ধৰি শিশুটিক আমিনুলে ঘূৰাই নিদিয়াত চিন্তাত পৰে পত্নী আৰু পৰিয়ালৰ অন্য লোকসকল। আমিনুল ফোন কৰিলে আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ নোহোৱাৰ কথা কৈ সন্তানটো নিজৰ লগত থকা বুলি কয়। কিন্তু সন্তানটোক লৈ কিবা কৰা বুলি আমিনুলৰ ওপৰত পত্নীৰ সন্দেহ ওপজাত লাহৰীঘাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। তাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

লাহৰীঘাট আৰক্ষীয়ে ইতিমধ্যে শিশুটিক উদ্ধাৰ কৰা মাতৃৰ হাতত চমজাই দিছে। আনহাতে ড্ৰাগছৰ বাবে নিজ সন্তানক বিক্ৰী কৰা আমিনুল ইছলাম আৰু শিশুটিক ক্ৰয় কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।