ডুমডুমাত ৩ জুৱাৰীক গ্ৰেপ্তাৰ

77

ৰাজ্যত মদ, ড্ৰাগছ, জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্রতৰ অভিযান অব্যাহত ৰাখিছে। শেহতীয়াকৈ শুকুৰবাৰে ডুমডুমাত অভিযান চলাই আৰক্ষীয়ে তিনিজনকৈ জুৱাৰীক হাতে লোতে কৰায়ত্ব কৰে। ধৃত জুৱাৰী কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজনক ক্ৰমে হৰেন দাস, কিৰণ লোহাৰ আৰু হাফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, পূৰ্বেও ডুমডুমা আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অঞ্চলটোত অবৈধ কাৰ্য্য কলাপৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন।