ডিমা হাচাওত দুৰ্বৃত্তই জ্বলাই দিছে ৫ খনকৈ ট্ৰাক, ৪ জনৰ মৃত্যু

84

গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা অসমৰ ডিমা হাচাও জিলাৰ ৰেঞ্জাৰবিল অঞ্চলত সংঘটিত এক সন্দেহজনক উগ্ৰপন্থী আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ উপৰিও পাঁচখন ট্ৰাক জ্বলাই দিয়া হয়।

জানিব পৰা মতে, দুৰ্বৃত্তই উমৰাঞ্চঘুত অৱস্থিত এটা চিমেণ্ট কাৰখানাৰ বাবে নিৰ্ধাৰিত কয়লা আৰু ক্লিঙ্কাৰ কঢ়িয়াই অনা পাঁচখন ট্ৰাকত জুই লগাই দিয়ে।  ট্ৰাকসমূহত জুই লগোৱাৰ পিছত দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰে, যাৰ ফলত ঘটনাস্থলীত ৪ জন ট্ৰাকচালক নিহত হয়।

সন্দেহ কৰা অনুসৰি, অঞ্চলটোত সক্ৰিয় ডিএনএলএ (ডিমাচা নেচনেল লিবাৰেচন আৰ্মী) উগ্ৰপন্থী সংগঠনটোৱে এই আক্ৰমণ চলাইছিল। কিয়নো এই উগ্ৰপন্থী সংগঠনটোৱে অঞ্চলটোত কাম কৰি থকা চিমেণ্ট নিৰ্মাণকাৰী কোম্পানীবোৰক দীৰ্ঘসময়ৰ পৰা ধন দাবী কৰি আহিছিল যদিও সেই দাবী কোম্পানী সমূহে পূৰণ নকৰাৰ বাবেই এনে আক্ৰমণ সংহতি কৰাৰ সন্দেহ কৰা হৈছে।