ডিব্ৰুগড়ৰ চাউলখোৱাত মাঝাৰৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ জালত পৰিল ভণ্ড বাবা।

69

চাউলখোৱাত মুছলমান বাবাৰ ভেশ ধৰি মাঝাৰৰ নামত ধন সংগ্ৰহ কৰা এজন ভণ্ড বাবাক ৰাইজে আটক কৰিছে। নিজকে ইছলাম খান বুলি পৰিচয় দিয়া ভণ্ড বাবাই অঞ্চলটোৰ বহু লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰি আহিছিল। কিন্তু অৱশেষত স্থানীয় ৰাইজৰ বাবাৰ ওপৰত সন্দেহ ওপজাত বাবাৰ পৰা প্ৰমাণ পত্ৰ বিচৰাত ভণ্ড বাবাৰ মুখা খোল খায়।

আচলতে বাবাৰ আচল নাম সত্যবীৰ পাল। ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এনেদৰে ভণ্ড বাবাৰ ভেশ ধৰি আৰু নাম সলনি কৰি সত্যবীৰ পালে ধন সংগ্ৰহ কৰি আহিছিল ভক্তপ্ৰাণ লোকৰ পৰা। ইফালে ভণ্ড বাবা জালত পৰাৰ পিছতে অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সত্যবীৰ পাল নামৰ লোকজনে ভণ্ড বাবাৰ বেশ ধৰি হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰা বুলি অঞ্চলটোৰ লোকসকলে মন্তব্য কৰিছে।