ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত এছ বি আইৰ মুখ্য শাখাত ১৪ ছেপ্টেম্বৰত মহিলাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পটজনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বেংকৰ কাউণ্টাৰত ঠেলা-হেঁচা কৰি মহিলাক নিৰ্যাতনৰ অপচেষ্টা চলোৱা ঋতুৰাজ গগৈ ওৰফে নন্দেশ্বৰ শইকীয়াৰ এনে অসামাজিক কাণ্ড বন্দী হৈছিল মোবাইল কেমেৰাত।
এই জঘন্য কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা কৰায়ত্ত কৰে লম্পট নন্দেশ্বৰ শেনছোৱাক। ডিব্ৰুগড় থানাত বেংক কৰ্তৃপক্ষই ৰুজু কৰা 1793/21 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 354A/509 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে লম্পট যুৱকজনক।
শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই আৰক্ষীৰ জালত পৰে ঋতু। ইপিনে নিশাই লম্পট যুৱকজনক অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত এটা দলে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ লৈ যায়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত লম্পটজনৰ ঘৰ পালেঙীত। নন্দেশ্বৰ শেণছোৱা ওৰফে ঋতু পূৰ্বেও কেইবাটাও অপৰাধমূলক কামৰ সৈতে জড়িত আছিল। মুম্বাইতো ঋতুৱে অপৰাধমূলক কামৰ সৈতে জড়িত হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰে ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে।
