ডিব্ৰুগড়ঃ অসম আৰক্ষীয়ে ডিব্ৰুগড়ত এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগত অভিযুক্ত তিনি জনৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা যুৱকজনক আৰিয়ান দাস বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে আৰিয়ান দাস নিৰ্যাতিতা যুৱতীগৰাকীৰ সৈতে একেখন কলেজত অধ্যয়ন কৰিছিল আৰু যুৱতীগৰাকীৰ ঘনিষ্ঠও আছিল।
ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, আৰিয়ান দাসে তেওঁক তেওঁৰ বাইকত কলেজলৈ একেলগে যোৱাৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁলোক মহাবিদ্যালয়ত উপস্থিত হোৱাৰ আগতে বাইক বেয়া হোৱা বুলি কয়। তাৰ পিছত আৰিয়ান দাসৰ ভায়েক পবিত্ৰ হাজৰিকা আৰু দেবজিত দাস নামৰ যুৱকজনৰ সৈতে একেলগে গাড়ীত যায়। কিন্তু গাড়ীৰ ভিতৰত নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে।
আনহাতে এই বিষয়ে কাৰোবাক জনালে যুৱতী গৰাকীক আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰো ভাবুকি দিয়ে তিনি পাষণ্ডই। তদুপৰি যুৱতীগৰাকীৰ নগ্ন ফটো তুলি ব্লেক মেইল কৰাৰো চেষ্টা চলায় বুলি অভিযোগ কৰে নিৰ্যাতিতাই।
যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনিজন অভিযুক্তক ধৰ্ষণৰ ধাৰা ৩৭৬(২)(এফ), শান্তি ভংগৰ উদ্দেশ্যৰে অপমান, ৫০৬ (অপৰাধমূলক ভাবুকিৰ বাবে শাস্তি) আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) উমৈহতীয়া উদ্দেশ্যত সংঘটিত অপৰাধৰ বাবে গোচৰ ৰুজু কৰি ইতিমধ্যে আৰিয়ান দাসক গ্ৰেপ্তাৰ কৰিছে যদিও বাকী দুজন বৰ্তমানো পলাতক হৈ আছে।
