ৰাজ্যত পুনৰ সংঘটিত এনকাউণ্টাৰৰ ঘটনা। এইবাৰ ডিব্ৰুগড় জিলাৰ মৰাণত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ বাইকচোৰ তথা ডকাইত। মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰীত নিশাৰ আন্ধাৰত আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হয় ম’ষ্ট ৱান্টেড বাইকচোৰ, ডকাইত অৰুণ কুৰ্মী (২৮) ওৰফে বিকাশ কুৰ্মী ওৰফে ভুটকো৷
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি আৰক্ষীয়ে সন্ধান চলাই থকা ম’ষ্ট ৱাণ্টেড বাইক চোৰজন মৰাণৰ কাছমাৰীস্থিত ঘৰলৈ অহা বুলি আৰক্ষীয়ে গোপন খবৰ লাভ কৰাৰ পিছতে অভিযান চলায়। আৰক্ষীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি চোৰটোৱে ঘৰৰ কাষতে থকা চাহ বাগিচাত আত্মগোপন কৰে৷ আৰক্ষীয়ে অভিযুক্তজনক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই যদিও ভুটকোই পলায়নৰ চেষ্টা কৰাত অৱশেষত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।
আহত অৰুণ কুৰ্মীৰ ভৰিত দুটাকৈ গুলী লাগে৷ ইয়াৰ পাছতে কৰায়ত্ত কৰা অৰুণ কুৰ্মীৰ পৰা আৰক্ষীয়ে এটা ৰিভলভাৰ, ২ টা সজীৱ গুলী, তিনিটা খালী কাৰ্টিজ জব্দ কৰে৷ তদুপৰি অৰুণ কুৰ্মীৰ ঘৰত লুকুৱাই থোৱা আন এটা পইন্ট ২২ পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অৰুণ কুৰ্মী।
উল্লেখ্য যে, কুৰ্মীয়ে বৃহত্তৰ মৰাণ, খোৱাং, মাহমৰা, ডিমৌ অঞ্চলত চুৰি-ডকাইটিৰে আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল৷ অৰুণ কুৰ্মী ওৰফে বিকাশ কুৰ্মীৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত ৬ টা, ডিমৌ আৰক্ষী থানাত তিনিটা আৰু মৰাণহাট আৰক্ষী থানাত ১টা গোচৰ পঞ্জীয়ন হৈ আছে৷ শেহতীয়াকৈ বগাই নামৰ এটা অপৰাধীক আটক কৰাৰ পিছতেই পোহৰলৈ আহে অৰুণ কুৰ্মীৰ কৰ্মকাণ্ড। ইফালে আৰক্ষীয়ে অৰুন কুৰ্মীক এনকাউন্টাৰৰ পিছতেই অপৰাধী চক্ৰটোৰ সৈতে জড়িত আন আন লোকসকলো আৰক্ষীৰ জালত পৰিব বুলি আশা প্ৰকাশ কৰিছে।