ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বৃহৎ আৰ্থিক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগৰ পিছতে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কক নিলম্বন কৰিছে৷ বৰ্তমানৰ আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰ্থিক কেলেংকাৰীৰ তদন্ত কৰিবলৈ পুনৰ উচ্চস্তৰীয় সমিতি গঠন কৰিছে। উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰা তদন্ত সমিতিয়ে বিশ্ববিদ্যালয়খনৰ নিলম্বিত উপাচাৰ্য ৰঞ্জিত তামুলীয়ে সংঘটিত কৰা আৰ্থিক কেলেংকাৰীৰ তদন্ত কৰিব। ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰা সমিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক এম পি বেজবৰুৱা, দিলীপ কুমাৰ দত্তও থাকিব। উজনিৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানখনৰ যোৱা ৫ বছৰত সংঘটিত আৰ্থিক কেলেংকাৰীৰ তদন্ত কৰি ৰাজ্যপালৰ হাতত প্ৰতিবেদন অৰ্পণ কৰিব। ঐতিহাসিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়কক পদৰ পৰা অপসাৰিত কৰা হয়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ কেইবাগৰাকী লোকৰ বিৰুদ্ধে বিত্তীয় খেলি-মেলি কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
পঞ্জীয়ক ড০ হৰি চন্দ্ৰ মহন্তক নিলম্বন কৰি উক্ত পদত অস্থায়ী ভাৱে অধিষ্টিত কৰা হৈছে ড০ জিতেন হাজৰিকাক। বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে দুৰ্নীতিৰ অভিযোগ পোৱাৰ পিছতে নিলম্বন কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু কেইবাগৰাকী প্ৰশাসনিক লোকৰ বিৰুদ্ধে জালিয়াতি কৰি লক্ষ লক্ষ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ইমানে নহয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক সমাজে কেইবাবাৰো দুৰ্নীতিৰ তদন্ত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ পিছতে ৰাজ্যপালে তদন্তকাৰী দল গঠন কৰে৷
৩ জানুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাজ্যপালে গঠন কৰা তদন্তকাৰী দল৷ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ কৰি দলটোৱে জালিয়াতিৰ তথ্য লাভ কৰাত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পঞ্জীয়ক ড০ হৰি চন্দ্ৰ মহন্তক নিলম্বন কৰে৷ শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, উজনি অসম আয়ুক্ত মলয় বৰা, ফৰেণচিক বিজ্ঞানী ৰাজীৱ শেনচোৱা, বিষয়া ইচৰাফিল মুছাহাৰীক লৈ গঠনটোৱে ৩ জানুৱাৰীৰ বিয়লী ২-৩০ বজাৰ পৰা তদন্ত কৰে৷ ভুৱা বিলৰ অভিযোগৰ তদন্ত, চহী, হাতৰ আখৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰাৰ উপৰিও বিভিন্ন লোকৰ সাক্ষ্যগ্ৰহণ কৰে দলটোৱে৷
