ডিব্ৰুগড় আৰু তিনিচুকীয়াত দুটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ…

304

ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শনিবাৰে দুটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ হয়।

ডিগবৈ আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা হাতীৰ মৃতদেহ।

এজন বিষয়াৰ মতে, শনিবাৰে পুৱা ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ ৰেঞ্জৰ অন্তৰ্গত গুলমাৰী অঞ্চলৰ পৰা এটা মতা হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

হাতীটোৰ মৃত্যু বিদ্যুৎস্পৃষ্ট হৈ হোৱাৰ সন্দেহ কৰা হৈছে।

জয়পুৰ ৰেঞ্জৰ সুকুঞ্জুৰী পথৰ সমীপত হাইটেনচন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে হাতীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ বিষয়াসকলে।

একেদৰে শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পোৱাই চাহ বাগিচাৰ বন গাওঁত গাঁওবাসীয়ে আন এটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

সূত্ৰই জনোৱা মতে, বহুদিন পূৰ্বে হাতীটো আঘাতপ্ৰাপ্ত হৈছিল আৰু আজি চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

বনাঞ্চল কমি অহাৰ বাবেই মানুহ-হস্তীৰ সংঘাত বৃদ্ধি পাইছে। খাদ্যৰ সন্ধানত সঘনাই মানুহৰ বাসস্থানৰ দিশে আগবাঢ়িছে হাতীবোৰে যাৰ ফলত সংঘাতৰ সৃষ্টি হৈছে।