ডিব্ৰুগড় আদালতত আত্মসমৰ্পণ চিকিৎসক অজন্তা হাজৰিকাৰ

47

চাকৰিৰ বিনিময়ত বৃহৎ ধনৰ লেনদেনৰ অভিযোগত অভিযুক্ত ২২ টা দিন ধৰি পলাতক অৱস্থাত থকা অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ জ্যেষ্ঠা চিকিৎসক অজন্তা হাজৰিকাই সোমবাৰে ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আত্ম সমৰ্পণ কৰে। ইয়াৰ পাছতে অভিযুক্ত চিকিৎসাক অজন্তা হাজৰিকাক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য, ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষী চকীত অমল নাথ নামৰ ভুক্তভোগী লোকজনে ৰুজু কৰিছিল গোচৰ।

থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত চিকিৎসক গৰাকীক বিচাৰি চলাথ কৰিছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। ইপিনে ডাক্তৰ অজন্তা হাজৰিকাৰ অগ্ৰীম জামীন আবেদন আদালতে নাকচ কৰাৰ পিছত সকলো পথ ৰুদ্ধ হৈ পৰে আৰু উপায়হীন হৈ আদালতত সোমবাৰে আত্মসমৰ্পন কৰে ।

ডাক্তৰ অজন্তা হাজৰিকাই ৰেলৱেত চাকৰি দিয়াৰ নামত গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজনৰ লগত হৈ লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইতিমধ্যে ডাক্তৰ অজন্তা হাজৰিকাৰ স্বামী শ্ৰীমন্ত জ্যোতি শইকীয়াকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল। ৰেলৱেত চাকৰি দিয়াৰ নামত বহু লক্ষাধিক টকা সংগ্ৰহ কৰি গ্ৰেপ্তাৰৰ ভয়ত যোৱা ৭ ডিচেম্বৰৰ পৰা পলাই ফুৰিছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকাই।