ডিফুৰ পৰা নগাওঁ লৈ ভাড়াত গৈ নিখোজ ড্ৰাইভাৰ সহ গাড়ী

121

পাৰ্বত্য জিলা কাৰ্বি আংলংৰ সহৰ ডিফু চহৰৰ পৰা নগাওঁ জিলাৰ চামগুৰি লৈ বুলি ভাড়াত গৈ আজি পৰ্যন্ত ড্ৰাইভাৰ সহ গাড়ী নিখোজ হোৱা ঘটনাই সম্প্ৰতি  ডিফুত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে  ডিফুৰ লঘু গাড়ী কাউন্টাৰৰ ড্ৰাইভাৰ  আফজল আলীক এজন অচিনাকী ব্যক্তিয়ে ভাড়া লৈ নিয়াৰ পাচতেই নিখোজ হয় ড্ৰাইভাৰ সহ গাড়ীখন ৷ ৩ মাৰ্চত ভাড়া লৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পাৰি নগাঁও আৰু ডিফু থানাত পৃথকে পৃথকে পিতৃ-মাতৃয়ে দাখিল কৰে এজাহাৰ ৷ এই সন্দৰ্ভত শনিবাৰে পুনৰ ডিফু আৰক্ষীক অৱগত কৰাৰ পাছেত ডিফু প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰি ঘটনাৰ সমস্ত বিবৰণ অৱগত কৰি অতি শীঘ্ৰে নিখোজ পুত্ৰ উদ্ধাৰৰ দাবী উত্থাপন কৰে ৷