ষ্টাফৰিপৰ্টাৰ, ৬ জুন :: ডিজিটেল মাধ্যমেৰে শনিবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষতকৈ এই বৰ্ষত বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ।
২০১৯ ত উত্তীৰ্ণৰ হাৰ আছিল ৬০.২৩ শতাংশ আৰু ২০২০ত উত্তীৰ্ণৰ হাৰ ৬৪.৮ শতাংশ।
এইবৰ্ষত ৮৩.৯২ শতাংশ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষত আছে শিৱসাগৰ। আনহাতে ৬ গৰাকী প্ৰথম দহটা স্থানৰ ভিতৰত স্থানলাভেৰে শীৰ্ষত আছে নলবাৰী। নলবাৰীৰ উত্তীৰ্ণৰ হাৰ ৭৮.৭৩ শতাংশ।
আনহাতে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ ছাত্ৰীতকৈ আগত ছাত্ৰ। মুঠ ৬৬.৯৩ শতংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯৩ শতাংশ।
পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৬,০৭৯৪ গৰাকী ছাত্ৰ। তাৰে ভিতৰত উত্তীৰ্ণ হৈছে ১০,৭,৬১৯গৰাকী।
সেইদৰে ছাত্ৰী অৱতীৰ্ণ হৈছিল ১৮,১৪৩০গৰাকী। তাৰে ভিতৰত উত্তীৰ্ণ হৈছে ১১,৪,১৩৭গৰাকী।
প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৪,৩৬৫গৰাকী। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ক্ৰমে ৩৭,৯৮৯গৰাকী আৰু ৪৫,২৬৫গৰাকী।
উত্তীৰ্ণৰ শীৰ্ষত থকা শিৱসাগৰ জিলাখনত সৰ্বমুঠ ১১,০২৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰে ৯,২৫১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
সেইদৰে সৰ্বনিম্ন ধুবুৰী জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৪৪.২০ শতাংশ। জিলাখনত সৰ্বমুঠ ১৮,৮২৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰে ৮,৩১৯গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উল্লেখ এই পৰীক্ষাত স্থান প্রাপ্ত সকল হ’ল ক্ৰমে
প্ৰথম স্থান:
ধৃতিৰাজ বাস্তৱ কলিতা, পদুম পুখুৰী হাইস্কুল, দৰং(৫৯৫)
দ্বিতীয় স্থান:
অলংকৃতা গৌতম বৰুৱা, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় (৫৯৪)
তৃতীয় স্থান:
দেৱীস্মা প্ৰিয়া বৰা, জ্ঞানজ্যোতি একাডেমি, নাৰায়ণপুৰ (৫৯১)
জ্যোতিস্মান দেৱ শৰ্মা, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগ, নলবাৰী (৫৯১)
চাকি জি বুল্টন, চেণ্ট মেৰীজ উঃ মাঃ বিদ্যালয়, গুৱাহাটী (৫৯১)
চতুৰ্থ স্থান:
নমস্য ডেকা, লিটল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী (৫৯০)
হিয়াশ্ৰী শৰ্মা, দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়, কামৰূপ মেট্ৰ’ (৫৯০)
পঞ্চম স্থান:
মানস উত্তম নেওগ, নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড় (৫৮৯)
অংকুৰজ্যোতি বেজবৰুৱা, উদয়ন শান্তি নিকেতন, বেজেৰা (৫৮৯)
হীৰকজ্যোতি বৈশ্য, কৰিয়া উঃ মাঃ বিদ্যালয়, নলবাৰী (৫৮৯)
ষষ্ঠ স্থান:
হৰ্ষ বৰ্দ্ধন মহেশ্বৰী, মাৰিয়ান হাইস্কুল, বৰপেটা (৫৮৮)
হৰিদ্ৰা বৰা, ছেক্ৰেড হাৰ্ট হাইস্কুল, গোলাঘাট (৫৮৮)
ৰণোজ জ্যোতি বৰুৱা, জ্ঞানজ্যোতি একাডেমি, নাৰায়ণপুৰ (৫৮৮)
হিমাশ্ৰী বৰুৱা, ফুলেশ্বৰী ছোৱালী উঃ মাঃ বিদ্যালয়, শিৱসাগৰ (৫৮৮)
সপ্তম স্থান:
অভিলাষা দত্ত, ছেণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ (৫৮৭)
ঝলক জালান, ছেণ্ট এণ্টনিজ ইংলিছ স্কুল, নগাঁও (৫৮৭)
অষ্টম স্থান:
এনিশা ৰয়, হলি ক্ৰছ উঃ মাঃ বিদ্যালয়, কাছাৰ (৫৮৬)
নিখিলেশ দত্ত, শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, কামৰূপ (৫৮৬)
ছিমৰণ বৰা, ব্ৰুকফিল্ড স্কুল, লখিমপুৰ (৫৮৬)
অন্তৰিক্ষ হাজৰিকা, নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ (৫৮৬)
অন্বেষা চাংকাকতি, ডন বস্ক’ হাইস্কুল, ডুমডুমা, তিনিচুকীয়া (৫৮৬)
নৱম স্থান:
ভৃগু মোহন কুমাৰ, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং (৫৮৫)
ৰাজদ্বীপ বৰুৱা, শংকৰদেৱ শিশু নিকেতন, কাকডোঙা, গোলাঘাট (৫৮৫)
নীহাৰিকা ভৰালী, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট (৫৮৫)
শিল্পী শিখা ডেকা, পলাশতল কাছমাৰি হাইস্কুল, নগাঁও (৫৮৫)
মাছুম মেহতাব, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী (৫৮৫)
ইমন বৈশ্য, শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী (৫৮৫)
অভিনৱ গগৈ, ছেণ্ট জোছেফছ হাইস্কুল, মৰাণহাট, শিৱসাগৰ (৫৮৫)
অবিনাশ কেওট, ছেণ্ট ষ্টিফেনছ স্কুল, তিনিচুকীয়া (৫৮৫)
অনন্যা মেধি, অসম জাতীয় বিদ্যালয়, নুনমাটি (৫৮৫)
নীৰজ খেটান, হেপ্পী চাইল্ড হাইস্কুল, গুৱাহাটী (৫৮৫)
দশম স্থান:
পূজা বেনাৰ্জী, শংকৰদেৱ শিশু নিকেতন- বহৰি, বৰপেটা (৫৮৪)
প্ৰেৰণা ডেকা, বঙাইগাঁও উঃ মাঃ বিদ্যালয়, বঙাইগাঁও (৫৮৪)
পাৰছা তছনিম বৰভূঞা, শিলচৰ কলেজিয়েট স্কুল, কাচাৰ (৫৮৪)
আনন্দিতা কোঁৱৰ, ছেণ্ট জেভিয়াৰ্ছ স্কুল, মানকটা, ডিব্ৰুগড় (৫৮৪)
ভাৰ্গৱজ্যোতি দাস, শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, কামৰূপ (৫৮৪)
অলিন্দিতা কলিতা, ক্লিৰডাপ শংকৰদেৱ শিশু নিকেতন, কাৰ্বি আংলং (৫৮৪)
ডিৱিজ বিকাশ, ছেণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ (৫৮৪)
অংকিতা দে, গুড ছামাৰিটান ইংলিছ হাইস্কুল, নগাঁও (৫৮৪)
ঋত্বিক কুমাৰ সূত, প্ৰাঞ্জল মেমৰিয়েল একাডেমি, নগাঁও (৫৮৪)
শশাংক হালৈ, আনন্দ বিদ্যা নিকেতন, নলবাৰী (৫৮৪)
মিছবাহ-উল কৰিম, লিটল ষ্টাৰ স্কুল, শোণিতপুৰ (৫৮৪)