তিনিচুকীয়া জিলাৰ ডিগবৈৰ গলাই অঞ্চলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গল এটা বাসগৃহ। অগ্নিকাণ্ডৰ ফলত ৬ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, অঞ্চলটোৰ নিবাসী ৰতন উপাধ্যায়ৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয়। পুৱা সংঘটিত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত জাহ যায় বাসগৃহটোৰ লগতে সমস্ত সা-সম্পত্তি।
অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।