ডিগবৈত ট্ৰাকৰ খুন্দাত মৃত্যু ৪ বছৰীয়া কণমানিৰ…

163

তিনিচুকীয়া জিলাত বৃহস্পতিবাৰে এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত এটি ৪ বছৰীয়া কণমানিৰ মৃত্যু ঘটে।

জানিব পৰা মতে, জিলাখনৰ ডিগবৈত সংঘটিত এই দুৰ্ঘটনাত এজন যুৱকো আহত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে বাইহাটাত স্কুটিৰে পৰীক্ষাৰ বাবে স্কুললৈ গৈ থকা সময়তে এখন অচিনাক্ত বাহনৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল।