ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যু দিৱস পালন

153

ষ্টাফৰিপৰ্টাৰ, জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৬৭ সংখ্যক মৃত্যু দিৱস মঙলবাৰে সমগ্ৰ দেশত ভাৰতীয় জনতা পাৰ্টিয়ে উদযাপন কৰে ৷ ইয়াৰে অংশ হিচাপে বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিয়ে নিজ কাৰ্যালয়ত ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যু দিৱস পালন কৰে ৷ জিলা সভাপতি মৃগেন শৰণীয়াই বন্তি প্ৰজ্বলন, পুষ্পঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে মহান মনিষী গৰাকীক ৷ ১৯০১চনৰ ৬ জুলাইত জন্মগ্ৰহণ কৰা শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ১৯৫৩ চনৰ ২৩ জুনত জন্মু- কাশ্মীৰৰ শ্ৰীনগৰত ৰহস্য জনক ভাবে মৃত্যু বৰণ কৰে ৷ তেওঁৰ মৃত্যুৰ ৰহস্য আজিলৈকে ৰহস্য হৈয়ে ৰল ৷ সেইবাবেই তেওঁৰ এই মৃত্যু দিৱস ভাৰতীয় জনতা পাৰ্টয়ে বলিদান দিবস হিচাপে পালন কৰে ৷ কভিড ১৯ বাবে সামাজিক দুৰত্ব বজাই অনুষ্ঠিত কৰা বলিদান দিবসত মৃগেন শৰণীয়াই কয় “প্ৰয়ত প্ৰাধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৰ কেবিনেট মন্ৰী আছিল ড° শ্যামাপ্ৰসাদ মুখাৰ্জী ৷ সেই সময়ত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হোৱা নাছিল ৷ জন্মু- কাশ্মীৰৰ শ্ৰীনগৰত ৩৭০ নং অনুচ্ছেদ বিৰোধ কৰা ব্যক্তি গৰাকী হ’ল শ্যামপ্ৰসাদ মুখাৰ্জী ৷ তেতিয়াই কোনো আততায়ীৰ হাতত মুখাৰ্জীয়ে মৃত্যু বৰণ কৰিবলগীয়া হয় ৷ সেই মৃত্যুৰ ৰহস্য আজিলৈকে ৰহস্য হৈ ৰল ৷ সেইবাবেই ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁৰ মৃত্যুৰ দিনটো বলিদান দিৱস হিচাপে পালন কৰি আহিছে। উল্লেখ্য মৃত্যু দিৱস অনুষ্ঠানত সমিতিৰ সাধৰণ সম্পাদক অমৰ জ্যোতি ডেকা, কোষাধ্যক্ষ বিজয় ৰাজবংশী,মহিলা মৰ্চাৰ সভানেত্ৰী লাবন্য দেৱী অন্যান্য মৰ্চা সকলৰ সভাপতি, সম্পাদক উপস্থিত থাকে ৷