ট্ৰেডিং কেলেংকাৰীৰ ৩ অভিযুক্তৰ জামিন লাভ

10

ট্ৰেডিং কেলেংকাৰিৰ ৩ অভিযুক্তৰ জামিন লাভ। জামিন লাভ কৰিলে বিশাল ফুকন, তাৰ্কিক বৰা, স্বপ্ননীল দাসে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে তিনিওৰে জামিন। কিন্তু জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিশাল-তাৰ্কিক।এটা গোচৰতহে জামিন লাভ কৰিছে বিশালে। যাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন। বৰ্তমানো চলি আছে আন দুটা গোচৰ।জে’লতে থাকিব লাগিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা। তাৰ্কিক বৰাৰ বিৰুদ্ধেও ৰুজু হৈ আছে আৰু দুটা গোচৰ। ডিব্ৰুগড় থানত ৰুজু হোৱা ৩৫২/২৪ গোচৰতহে জামিন লাভ কৰিছে বিশাল আৰু তাৰ্কিকে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব বিশাল আৰু তাৰ্কিক। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৮৫/২৪ ডিব্ৰুগড়ৰ দুলীয়াজান থানাৰ ১৯৮/২৪ গোচৰ কেইটাত জামিন পোৱা নাই বিশাল আৰু তাৰ্কিক বৰাই।ইফালে ভুৱা ট্ৰেডিঙত অভিযুক্ত দীপাংকৰ বর্মনৰ প্ৰেমিকা মনালিছা দাসেও পালে জামিন। মনালিছাৰ অধিবক্তাৰ মন্তব্য দীপাংকৰে মনালিছাকো কৰিছিল প্ৰৱঞ্চনা। তেওঁ কয়, ‘কোনো ট্ৰেডিঙৰ লগত জড়িত নাছিল মনালিছা’। ইয়াৰ বিপৰীতে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন আবেদন নাকচ কৰিছে ন্যায়ালয়ে। বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে চুমি বৰা।