ট্ৰেক্টৰ-ট্ৰেইলাৰৰ ভিতৰত ৪২ জন লোকৰ মৃতদেহ উদ্ধাৰ!

88

টেক্সাছৰ ছান এণ্টনিঅ’ত সোমবাৰে এখন ট্ৰেক্টৰ-ট্ৰেইলাৰৰ ভিতৰত কমেও ৪২ জন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

তদন্তৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি ছান এণ্টনিঅ’ৰ ডব্লিউ অ’ এ আই টিভিয়ে জনোৱা মতে, মৃত লোকসকল প্ৰব্ৰজনকাৰী বুলি অনুমান কৰা হৈছে আৰু ট্ৰাকখন চহৰখনৰ চাউথৱেষ্ট চাইড চুবুৰীত ৰে’লপথৰ কাষত উদ্ধাৰ কৰা হৈছে বুলি স্কাই নিউজৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

খবৰ অনুসৰি মহানগৰীৰ দক্ষিণ প্ৰান্তৰ এক দুৰ্গম অঞ্চলত ৰেলপথৰ কাষতে উদ্ধাৰ কৰা হৈছে ট্ৰাকখন।

টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এবটে এটা টুইটাৰ পোষ্টত এই মৰ্মান্তিক কাণ্ডটো নিশ্চিত কৰি কয় যে ট্ৰাকখনৰ ভিতৰত কমেও ৪২ জন লোক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু লগতে কয় যে, “এই মৃত্যুসমূহ বাইডেনৰ ওপৰত। এইবোৰ তেওঁৰ মাৰাত্মক মুকলি সীমান্ত নীতিৰ ফল।”

অচিনাক্ত ছান এণ্টনিঅ’ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি কে এছ এ টি টেলিভিছনে লগতে কয় যে এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি ১৬ জন জীৱিত লোকক বিভিন্ন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

এতিয়ালৈকে ছান এণ্টনিঅ’ আৰক্ষীৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য কৰা হোৱা নাই।

কিহৰ বাবে মৃত্যু হ’ব পাৰে সেই সম্পৰ্কে কোনো ইংগিত পোৱা নাই যদিও মেক্সিকো সীমান্তৰ পৰা প্ৰায় ১৬০ মাইল (২৫০ কিলোমিটাৰ) দূৰত থকা ছান এণ্টনিঅ’ৰ তাপমাত্ৰা সোমবাৰে উচ্চ আৰ্দ্ৰতাৰ সৈতে ১০৩ এফ (৩৯.৪ চেলছিয়াছ)ত উপনীত হয় বুলি বাতৰি প্ৰকাশ পাইছে স্কাই নিউজ।

মেক্সিকোৰ বৈদেশিক পৰিক্ৰমা সচিবে কয় যে এজন কনছুলে চুবুৰীটোলৈ যোৱাৰ পথত আছে আৰু লগতে কয় যে মৃত লোকজনৰ জাতীয়তা জানিব পৰা হোৱা নাই।

টুইটাৰত তেওঁ লিখিছে, “টেক্সাছত ট্ৰেজেডী। ট্ৰেইলাৰ বক্সত শ্বাসৰুদ্ধ হোৱাৰ খবৰ আহিছে।”
ছান এণ্টনিঅ’ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো নিশ্চিত কৰা নাই যদিও স্কাই নিউজক জনাইছে যে এখন সংবাদমেল অনুষ্ঠিত হ’ব।

ছান এণ্টনিঅ’ৰ এজন কেথলিক পুৰোহিত আৰ্চবিশ্বপ গুস্তাভোৱে উভাল্ডেৰ গুলীচালনাৰ ইমান সোনকালেই এই ট্ৰেজেডীক লৈ টুইটাৰত লিখিছে, “প্ৰভু তেওঁলোকৰ ওপৰত দয়া কৰক। তেওঁলোকে এটা উন্নত জীৱনৰ আশা কৰিছিল। উভাল্ডেৰ পিছত প্ৰভু আৰু এতিয়া এইটো, আমাক সহায় কৰক! আমাক আপোনাৰ প্ৰয়োজন।” ! ইমানবোৰ মানুহে দুখ-কষ্ট কৰি আছে। ঈশ্বৰ, ঈশ্বৰ, ঈশ্বৰ।”