টোল গেটত খুন্দা মাৰি বাগৰি পৰিল এম্বুলেন্স, ৪ জনৰ মৃত্যু

120

কৰ্ণাটকৰ উডুপিত এটা টোল প্লাজাত নিয়ন্ত্ৰণ হেৰুৱাই এখন এম্বুলেন্সে খুন্দা মৰাৰ ফলত ৪ জন লোকৰ মৃত্যু ঘটে। আৰক্ষীয়ে জনোৱা মতে, শ্বিৰুৰ টোল প্লাজাত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত চালকসহ চাৰিওজন লোকৰ মৃত্যু হয়।

কুণ্ডপুৰাৰ সমীপৰ শিৰুৰ টোলগেটত সংঘটিত হৈছে এই ঘটনা। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে টোল প্লাজাৰ কৰ্মচাৰীয়ে এম্বুলেন্সৰ বাবে পথ মুকলি কৰি আছে। কিন্তু সোঁফালে ঘূৰিবলৈ চেষ্টা কৰি থাকোঁতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে টোল প্লাজাৰ খুঁটাত খুন্দা মাৰে আৰু লুটি খাই পৰি যায়।

দুৰ্ঘটনাৰ ফলত এম্বুলেন্সখনৰ চালক আৰু এজন ৰোগীসহ ৪ জন লোকৰ মৃত্যু ঘটে। জানিব পৰা মতে, এম্বুলেন্সখনে এজন ৰোগী কঢ়িয়াই হোন্নৱৰৰ পৰা কুণ্ডাপুৰালৈ গৈ আছিল।