টুইটাৰত বিজ্ঞাপন দি চলাইছিল নাৰী দেহৰ ব্যৱসায়, আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ

118

গুৱাহাটীঃ টুইটাৰৰ জৰিয়তে লোভনীয় বিজ্ঞাপন প্ৰকাশ কৰি চেক্স ৰেকেট চলাই অহা এজন লোকক শুকুৰবাৰে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পাণবজাৰস্থিত মিনাৰ্ভা হোটেলত অভিযান চলাই ক্ৰাইম ব্ৰান্সে চেক্স ৰেকেটৰে জড়িত লোকজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনৰ নাম নয়ন পাটোৱাৰী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দীৰ্ঘ সময়ৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত নাৰী দেহ ব্যৱসায় সম্বন্ধীয় বিজ্ঞাপন প্ৰচাৰ কৰি গ্ৰাহকক আকৰ্ষিত কৰি আহিছিল এই নয়ন পাটোৱাৰী নামৰ লোকজনে। শেহতীয়াকৈ অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে এই লোকজনৰ বিষয়ে জানিব পৰাৰ পিছতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত মিনাৰ্ভা হোটেলত অভিযান চলাই অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।