টীয়কৰ কাকজানত ড্ৰয়িং ৰুমত অবৈধ দেশী-বিদেশী মদৰ কাৰ্টন উদ্ধাৰ

86

অজয় দত্ত, টীয়কঃ কোৰোনা মহামাৰীৰ সময়তে টীয়কৰ কাকজানৰ বামকুকুৱাচোৱা গাঁৱৰ ৰাজীৱ বৰাৰ ঘৰত লাহদৈগড় আৰক্ষীয়ে অভিযান চলাই ড্ৰয়িং ৰুমৰ ড্ৰিভানৰ পৰা বহু দেশী-বিদেশী অবৈধ মদৰ বটল উদ্ধাৰ কৰে। জব্দ কৰা অবৈধ মদৰ বটল সমূহৰ মূল্য বহু হাজাৰোধিক হব বুলি আৰক্ষীয়ে অৱগত কৰিছে।

বৃহস্পতিবাৰে নিশা লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা এক আৰক্ষী দলে উক্ত অভিযান চলাই এই মদসমূহ জব্দ কৰি আবকাৰী বিভাগক হস্তান্তৰ কৰে। আৰক্ষী যোৱাৰ উমান পাই মদ মজুত কৰা ৰাজীৱ বৰা পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, লাহদৈগড় আৰক্ষী চকীৰ নৱ নিযুক্ত আৰক্ষী বিষয়াজনে মদ বিৰোধী অভিযানত ব্যস্ত থাকি সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।