টীয়কত চোৰৰ সন্ত্ৰাস, লুটি লৈ গল সোন-ৰূপৰ গহনা আৰু নগদ ধন

134

ৰিদিপ বৰঠাকুৰ, যোৰহাট: টীয়ক সমষ্টিৰ লাহদৈগড়ৰ আৰক্ষী চকীৰ অন্তৰ্গত কাকজান বামকুকুৰাছোৱা সোনাৰাম চুতীয়া পথত চোৰে ঘৰত প্ৰৱেশ কৰি লুটি লৈ গল কাঁহী, বাতিকে ধৰি গহনা আৰু নগদ ধন। অঞ্চলটোৰ নিবাসী প্ৰয়াত অশোক শইকীয়াৰ ঘৰত শনিবাৰে নিশা চোৰে পাছফালৰ দৰ্জা ভাঙি প্ৰৱেশ কৰে আৰু লুটপাত চলায়।

পুৱা পৰিয়ালৰ লোকে শুই উঠি দুৱাৰ খোলা অৱস্থাত দেখি ঘৰত চোৰ সোমোৱাৰ কথা জানিব পাৰি হুৱাদুৱা লগায়। ঘৰৰ পৰা চোৰে নগদ ধন, সোন-ৰূপৰ গহনাৰ লগতে অন্য বহু সৰু সুৰা সামগ্ৰী লুটি নিয়া বুলি জানিবলৈ দিছে গৃহস্থই।

ইফালে ঘটনা সন্দৰ্ভত গৃহস্থ কবিতা শইকীয়াইএজাহাৰ দাখিল কৰাত লাহদৈগড় আৰক্ষীয়ে চুৰি ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । উল্লেখ যে, অঞ্চলটোত কেইবাঘৰো ব্যক্তিৰ বাসগৃহৰ লগতে নামঘৰৰতো চোৰে লুটপাত চলাই আহিছে যদিও আৰক্ষীয়ে চূৰি সামগ্ৰী উদ্ধাৰ অথবা চোৰৰ শুংসূত্ৰ উলিয়াব পৰা নাই ।