টীয়কত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিব বিচৰা বাহন চালকক ৰখাবলৈ আৰক্ষীৰ শূণ্যলৈ গুলীচালনা

60

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সান্ধ্য আইন জাৰি হৈ থকা সময়ত আৰক্ষী-প্ৰশাসন যিমানেই কঠোৰ নহওক, একাংশ উদণ্ড লোকে আইন ভংগ কৰি আৰক্ষীৰ বাবে মূৰৰ কামোৰণিৰ সৃষ্টি কৰি আহিছে। দেওবাৰে নিশা টীয়কৰ কলীয়াপানীৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতো নৈশ আইন ভংগ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰা এজন উদণ্ড গাড়ী চালকক ৰখাবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এএছ-০৫এ-৪৫৫০ নম্বৰৰ মাৰুতী গাড়ীখন গৌৰীসাগৰ আৰক্ষীৰ নিয়মীয়া তালাচীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে। যাৰ বাবে বাহন চালকৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজাত লগে লগে বাহনখন সন্দৰ্ভত টীয়ক আৰক্ষী থানাক অৱগত কৰে। টীয়ক আৰক্ষীয়ে লগে লগে তৎপৰতা অৱলম্বন কৰি কলীয়াপানী ঘাইপথ সংযোগী আন এটা পথত গাড়ীখনে পলায়ন কৰিবলৈ লওতে গাড়ীখন ৰখাবলৈ শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰু সেই সময়তে গাড়ীখনৰ চকা ফুটি ৰৈ যায়।

আৰক্ষীয়ে তালাচী চলাই বাহনখনৰ চালক হাঁহচৰা চাংমাই গাঁৱৰ নিৱাসী ধ্ৰুৱজ্যোতি গগৈ নামৰ যুৱকজনক আটক কৰে যদিও বাহনখনৰ পৰা কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। কিন্তু কি কাৰণে বাহন চালকজনে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰিছিল, তাক লৈ এতিয়াও ৰহস্যৰ সৃষ্টি হৈ আছে।