টিংখাঙত মহাজোঁটবন্ধনৰ হৈ নিৰ্বাচনী প্ৰচাৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ

87

টিংখাঙত মিত্ৰ জোট সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে চত্তিশগড় মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। এইবাৰ অসমত হব মহাজোতবন্ধন চৰকাৰ । এই দাবী চত্তিশগড় মুখ্যমন্ত্ৰী বাঘেলৰ । বাঘেলে ভাষন প্ৰসংগত বিজেপিৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি চত্তিশগড় চৰকাৰে ২৫ শ টকা সমৰ্থিত মূল্যত কৃষকৰ ধান ক্ৰয় কৰিছে। চত্তিশগড়ত ১৮ লাখ কৃষকৰ ১০ হাজাৰ কোটি টকা ঋণ মাফ কৰি দিয়া হৈছে। অসমত কংগ্ৰেছ চৰকাৰ আহিলে ২০০ ইউনিট বিদ্যুত মাচুল মাফ কৰি দিয়া হব। এই মন্তব্য চত্তিশগড় মুখ্যমন্ত্ৰী ভুপেছ বাঘেলৰ । আজি টিংখাঙৰ কৰঙানিত অনুষ্ঠিত কংগ্ৰেছৰ প্ৰথমখন বিশাল নিৰ্বাচনী সভাত চত্তিশগড় মুখ্যমন্ত্ৰী গৰাকী বিশেষ হেলিকপ্টাৰে আহি এতোৱা মুণ্ডাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰে। কংগ্ৰেছ নেতা সুজিৎ লিগিৰাই আঁত ধৰা আৰু প্ৰাৰ্থী এতোৱা মুণ্ডাই আদৰণি ভাষন আগবঢ়োৱা সভাখনত জেষ্ঠ কংগ্ৰেছ নেতা তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, এআইচিচিৰ সম্পাদক বিকাশ উপাধ্যায়, চিপিআইএমএলৰ কেন্দ্ৰীয় নেতা বলিন্দ্ৰ শইকীয়া আদিয়ে ভাষন প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। সভাত সমষ্টিটোৰ সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰে।