টিংখাঙত একেলগে তিনি ভাতৃৰ সলিল সমাধি

68

বৃহস্পতিবাৰে টিংখাঙৰ ২নং ৰঙাবননীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। পুৱাই ৩ ভাতৃৰ সলিল সমাধিৰ খবৰে অঞ্চলটোলৈ শোকৰ বন্যা নমাইছে।

জানিব পৰা মতে, পুৱা হাল বাই উঠাৰ পিছত পথাৰৰ দাঁতিৰ এটা পুখুৰীত ভৰি-হাত ধুই আছিল তিনি ভাতৃয়ে। সেই সময়তে কনিষ্ঠ ভাতৃ পুখুৰীৰ পানীত পিচলি পৰাত আন দুজন ভাতৃয়ে তেওঁক বচাবলৈ চেষ্টা চলায়। কিন্তু পুখুৰীৰ দ পানীত তিনিও ভাতৃৰ সলিল সমাধি ঘটে।

নিহত ভাতৃত্ৰয়ক কুলিন হেমৰম, পুলিন হেমৰম আৰু টুকু হে্মৰম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, কুলিন হেমৰম বিবাহিত আছিল যদিও আন দুই ভাতৃৰ এজনে এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হৈছিল আৰু আনজন আছিল নৱম শ্ৰেণীৰ ছাত্ৰ।

ইফালে এই শোকাবহ ঘটনাৰ পিছত স্থানীয় ৰাইজে পুখুৰীৰ পৰা কনিষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুজনৰ এতিয়াও সন্ধান পোৱা নাই।