টাটা মটৰ্ছে লকডাউনৰ মাজতেই ইয়াৰ গ্ৰাহক সেৱা উন্নীত কৰিছে

82

লকডাউনৰ সময়ত অপৰিৱর্তিত উচ্চ মানদণ্ডৰ সেৱা যোগান ধৰাৰ লক্ষ লৈ টাটা মটৰ্ছে ইয়াৰ গ্ৰাহকৰ বাবে বিভিন্ন সেৱাৰ সূচনা কৰিছে। ২৩ মার্চ আৰু ১০ জুনৰ ভিতৰত কোম্পানীটোৱে ক’ৰ’না ভাইৰাচ মহামাৰীৰ অত্যাৱশ্যকীয় সেৱা প্ৰদানকাৰী আৰু ফ্ৰণ্টলাইন কৰ্মী হিচাপে কাৰ্য্যৰতব ইয়াৰ গ্ৰাহকক ২২৫ খন বাহনৰ শুশ্ৰুষা কৰিছে। লকডাউনৰ সময়ছোৱাত মেইণ্টেনেঞ্চ আৰু ৰিপেয়াৰ সেৱাসমূহৰ বাধাহীন কাৰ্য্য সম্পাদন প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ আৰু আৰক্ষী আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ দৰে অত্যাৱশ্যকীয় সেৱা প্ৰদানকাৰী আৰু ফ্ৰণ্টলাইন ক’ভিড কৰ্মীসমূহৰ ছাৰ্ভিছিঙৰ প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ টাটা মটৰ্ছৰ আঞ্চলিক সেৱা সহযোগী দলে মেৰামতিৰ প্ৰয়োজন হোৱা বাহনসমূহক মেইণ্টেনেঞ্চ আৰু ছাৰ্ভিছ যোগান ধৰিবলৈ কেইবাখনো চহৰত বিশেষ অনুমতিৰ বাবে অনুৰোধ জনাইছে। তেওঁলোকৰ বাহনৰ ছেনিটাইজেছনৰ গ্ৰাহকৰ অনুৰোধ পূৰণ কৰিবলৈ টাটা মটৰ্ছে এটা “ন টাচ্ছ বাই হেণ্ড” নামৰ এটা বিশেষ উদ্যোগ কৰিছে। এই উদ্যোগটোৰ অধীনত ৱৰ্কশ্বপসমূহে ষ্টীয়েৰিং হুইল, ড্ৰাইভাৰৰ, ছীট আৰু গীয়েৰ নবৰ বাবে জৈৱ-পচনশীল ব্যৱহাৰ কৰি পেলাই দিব পৰা ক’ভাৰৰ সূচনা কৰিছে। তদুপৰি ১০ জুলাই (২০২০) পৰ্যন্ত যাত্ৰীবাহী বাহনৰ বাবে ৮০০ খনতকৈ অধিক ছেলছ টাচ্ছপইণ্ট আৰু ৬৫৩ খনৰ ভিতৰত ৫২০ খন ৱৰ্কশ্বপে গ্ৰাহক আৰু অন্যান্য সকলৰ সৈতে জড়িত হ’বলৈ নূন্যতম মিলা- মিছা আৰু সতৰ্ক সামাজিক দূৰত্বৰ নিয়মক সংজ্ঞায়িত কৰা নতুন এলানি মানক কাৰ্য্যসম্পাদনা প্ৰক্রিয়া সহ কাম আৰম্ভ কৰিছে। তদুপৰি অধিকাংশ ক্ষেত্ৰতে গ্ৰাহকৰ কাৰ ডেলিভাৰী একে দিনাখনেই হৈছে। শিথিলতা সহজ হোৱাৰ সৈতে আৰু অধিক ৱৰ্কশ্বপে সেৱা প্ৰদান কৰা পুনৰাম্ভ কৰাৰ সৈতে টাটা মটৰ্ছে ইয়াৰ গ্ৰাহকৰ বাবে বাধাহীন বাহন তত্বাৱধান আৰু সেৱা সমূহ যোগান ধৰাৰ লক্ষ্য লৈছে। উল্লেখযোগ্য যে, গ্ৰাহক সককে https://cars.tatamotors.com/service ত এই সম্পৰ্কে অধিক তথ্য লাভ কৰিব পৰিব।