টকিঅ’ অলিম্পিকত থমকিল এম চি মেৰীকমৰ যাত্ৰা

116

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত খিতাপ অৰ্জনৰ লক্ষ্যত থমকি ৰ’বলগা হ’ল এম চি মেৰীকম। বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰি-কোৱাৰ্টাৰ খেলখনত প্ৰতিদ্বন্দ্বী ইগনীট ভালেন্সিয়া ভিক্টোৰিয়াৰ হাতত ৩–২ৰ ব্যৱধানত পৰাস্ত হয় মেৰীকম। তাৰ পিছতে বক্সিং জগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ এম চি মেৰীকমৰ ২০২০ৰ টকিঅ’ অলিম্পিকত খিতাপ জয়ৰ সপোন ভংগ হয়।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ খেলখনত মেৰীকমৰ প্ৰতিদ্বন্দ্বী কলোম্বিয়াৰ বক্সাৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়া বিশ্ব ৰেংকিঙৰ অষ্টম স্থান দখল কৰি আছে। ইয়াৰ পূৰ্বে মেৰীকমে প্ৰথমখন খেলত হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছিল।