টকিঅ’ অলিম্পিকত জয়ৰ যাত্ৰা অব্যাহত ভাৰতীয় হকী দলৰ…

104

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত পদক জয়ৰ দিশে দুৰ্দান্ত প্ৰদৰ্শনেৰে আগবাঢ়িছে ভাৰতীয় হকী দল। ভাৰতীয় হকী দলটোৱে প্ৰি-কোৱাৰ্টাৰ খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে পদক জয় নিশ্চিত হৈ পৰিছে ভাৰতৰ বাবে।

উল্লেখ্য যে, আজি অনুষ্ঠিত প্ৰি-কোৱাৰ্টাৰ খেলখনত ভাৰতীয় হকী দলটোৱে দক্ষিণ আফ্ৰিকাক ৪-৩ৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দলটোৰ এই বিজয় যাত্ৰাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী।