টকিঅ’ অলিম্পিকঃ পদক জয়ৰ দিশে আৰু এখোজ ভাৰতীয় মল্লযোদ্ধা বজৰংগ পুনিয়াৰ

111

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত পদক জয়ৰ সপোন সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে ভাৰতীয় মল্লযোদ্ধা বজৰংগ পুনিয়া। অলিম্পিকত ৬৫ কেজি শাখাত বজৰংগ পুনিয়াই কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন কৰাৰ পিছত এতিয়া ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলতো পুনিয়াই দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ সপোন পূৰণ কৰিব বুলি আশা কৰিছে সমগ্ৰ ভাৰতবাসীয়ে।

কোৱাৰ্টাৰ ফাইনেলত বজৰংগ পুনিয়াৰ প্ৰতিদ্বন্দ্বী আছিল ইৰানৰ মোৰ্তেজা চেকা। খেলখনৰ আৰম্ভণিত মোৰ্তেজা চেকা আগবাঢ়ি আছিল যদিও দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত নিজৰ ফৰ্ম ঘূৰাই আনে বজৰংগ পুনিয়াই। খেলখনত জয়লাভ কৰাৰ পিছত ছেমি ফাইেনলত বজৰংগ পুনিয়া ৰিঙত অৱতীৰ্ণ হব ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ মেডেল বিজেতা আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন হাজী অলীজেবৰ।

কিন্তু আশাৰ খবৰ এয়ে যে ২ বছৰ পূৰ্বে প্ৰ’ ৰেষ্টলিং লীগত অলীজেবক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল বজৰংগ পুনিয়াই। গতিকে টকিঅ’ অলিম্পিকতো হাজী অলীজেবৰ ৰণকৌশল অনুধাৱন কৰাত বজৰংগ পুনিয়াৰ অসুবিধা নহ’ব বুলিয়েই আশা কৰিছে ভাৰতবাসীয়ে।