ঝুমুৰ নৃত্য আয়োজনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে

32

২৪ ফেব্রুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ৰ অংশ স্বৰূপে ঝুমুৰ নৃত্য আয়োজন হ’ব। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ বাবে ইতিমধ্যে মোদীক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।নৰেন্দ্ৰ মোদী লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰো আহিব পাৰে অসমলৈ। ২ ডিচেম্বৰত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসম আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন ২০২৫ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০।উল্লেখ্য যে, অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এডভান্টেজ অসম ২.০ ইনভেচমেন্ট এণ্ড ইনফাষ্ট্ৰাকচাৰ চাবমিট ২০২৫ । এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে সামৰণি অনুষ্ঠানৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আদৰণি জনোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।