ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকূট পাহাৰত ভয়ংকৰ দুৰ্ঘটনা।
পাহাৰৰ ৰোপৱে’ত সংঘটিত দুৰ্ঘটনাত মৃত্যু দুগৰাকী মহিলাসহ ৩ পৰ্যটকৰ।
ৰোপৱে’ৰ দুখন কেবল কাৰৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
আনহাতে দুৰ্ঘটনাত আহত হৈছে ৮জনকৈ লোক।
এতিয়াও শূন্যত আৱদ্ধ হৈ আছে ৪৮ জন পৰ্যটক।
ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, আইটিবিপি আৰু এনডিআৰএফৰ দলে উদ্ধাৰ অভিযানত নামি পৰিছে।
ৰোপৱে’ত আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযানত দুখন এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।
কাৰিকৰী বিজুতিৰ বাবেই দুখন কেব’ল কাৰৰ মাজত খুন্দা লাগে বুলি ধাৰণা কৰা হৈছে।
বাবা বৈদ্যনাথ মন্দিৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৈত থকা ৰোপৱে’টো প্ৰায় ৭৬৬ মিটাৰ দীঘল।
৩৯২ মিটাৰ ওখ পাহাৰ খনত দীৰ্ঘ দিনৰে পৰা ৰোপৱে’ চলি আহিছে।
ৰোপৱে’টোত ২৫ টা কেবিন আছে। প্ৰতিটো কেবিনত চাৰিজনকৈ মানুহ বহিব পাৰে।