জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ CBI তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত PIL দাখিল।
অল ৰাভা নেচনেল কাউন্সিলে উচ্চ ন্যায়ালয়ত দাখিল কৰিছে পি আই এল।
চি বি আইক গোচৰটো দিয়াৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে। কিন্তু এই পৰ্যন্ত গোচৰটো লোৱা নাই CBI–এ। সোমবাৰে এই PIL খনৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে এক দুৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ।
এই ঘটনাৰ পিছতে জোনমণিৰ পৰিয়ালে অভিযোগ কৰিছিল যে এয়া দুৰ্ঘটনা নহয় হত্যাকাণ্ড। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।
ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত গোচৰটোৰ দায়িত্ব চিবিআইক দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰথমে এই ঘটনাৰ তদন্ত চিআইডিক অৰ্পণ কৰা হৈছিল।
কিন্তু জোনমণিৰ পৰিয়ালে এই কথাত আপত্তি কৰিছিল আৰু ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ দাবী তুলিছিল।
তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰটো চিবিআইক হস্তান্তৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু আজি পৰ্যন্ত জোনমণিৰ মৃত্যুৰ গোচৰ চিবিআয়ে গ্ৰহণ কৰা নাই।
